ঘোষণা হ'ল লোকসভা নিৰ্বাচনৰ দিন

ঘোষণা হ'ল লোকসভা নিৰ্বাচনৰ দিন


৭টা পৰ্যায়ত হ’ব দেশৰ সাধাৰণ নিৰ্বাচন। ১১ এপ্ৰিলত হ’ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন, দ্বিতীয়টো পৰ্যায়ৰ নিৰ্বাচন হ’ব ১৮ এপ্ৰিলত, তৃতীয় পৰ্যায়ৰ নিৰ্বাচন হ’ব ২৩ এপ্ৰিলত, চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচন ২৯ এপ্ৰিলত, পঞ্চম পৰ্যায়ৰ নিৰ্বাচন হ’ব ৫ মে’ত, ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচন হ’ব ১২ মে’ত আৰু সপ্তম তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন হ’ব ১৯ মে’ত। ২৩ মে’ত হ’ব নিৰ্বাচনৰ ফলাফল ঘোষণা। ১১ এপ্ৰিলৰ পৰা ১৯ মে’ লৈ অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। ১১ এপ্ৰিলত ২০খন ৰাজ্যৰ ৯১টা সমষ্টিত হ’ব ভোটগ্ৰহণ। ১৮ এপ্ৰিলত ১৩খন ৰাজ্যৰ ৯৭টা সমষ্টিত, ২৩ এপ্ৰিলত ১৪খন ৰাজ্যৰ ১১৫টা সমষ্টিত, ২৯ এপ্ৰিলত ৯খন ৰাজ্যৰ ৭১টা সমষ্টিত, ৬ মে’ত ৭খন ৰাজ্যৰ ৫১টা সমষ্টিত, ১২ মে’ত ৭খন ৰাজ্যৰ ৫৯টা সমষ্টিত আৰু ১৯ মে’ত ৭খন ৰাজ্যৰ ৫৯টা সমষ্টিত হ’ব ভোটগ্ৰহণ। ২২খন ৰাজ্যত হ’ব এদিনীয়া নিৰ্বাচন। দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত নিৰ্বাচন আয়োগৰ সংবাদমেলত ঘোষণা মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল অৰোৰাৰ।


অসমত হ’ব ৩টা পৰ্যায়ত নিৰ্বাচন। বহাগ বিহুৰ পূৰ্বে অসমত হ’ব এটা পৰ্যায়ৰ নিৰ্বাচন। ১১, ১৮ আৰু ২৩ এপ্ৰিলত হ’ব অসমৰ নিৰ্বাচন। ১১ এপ্ৰিলত অসমৰ ৫টা সমষ্টিত, ১৮ এপ্ৰিলত হ’ব অসমৰ ৫টা সমষ্টিত আৰু ৪টা সমষ্টিৰ ভোটগ্ৰহণ হ’ব ২৩ এপ্ৰিলত। 

0/Post a Comment/Comments

Stay Conneted

Boxed Version