নিউজিলেণ্ডৰ মছজিদত ভয়ানক আক্ৰমণ, কথমপি প্ৰাণ ৰক্ষা বাংলাদেশী ক্ৰিকেট দলৰ




 নিউজিলেণ্ডৰ মছজিদত ভয়ানক আক্ৰমণ, কথমপি প্ৰাণ ৰক্ষা বাংলাদেশী ক্ৰিকেট দলৰ

নিউজিলেণ্ডৰ খ্ৰাইষ্টচাৰ্চস্থিত এটা মছজিদলৈ লক্ষ্য কৰি ধাৰাসাৰ গুলীবৰ্ষণ দুৰ্বৃত্তৰ। এই গুলীচালনাত ২৭জন লোক নিহত হোৱাৰ আশংকা কৰা হৈছে। আন কেইবাজনো লোক গুৰুতৰভাৱে আহত হয় এই গুলীচালনাৰ ঘটনাত। মছজিদটোত প্ৰায় ৫০ জাঁই গুলীবৰ্ষণ কৰে দুৰ্বৃত্তই। আশ্বৰ্যজনকভাৱে এই ঘটনাৰ ১৭ মিনিটজোৰা ফেচবুক লাইভ কৰে আক্ৰমণকাৰীয়ে।



 নিউজিলেণ্ডত কথমপি ৰক্ষা পৰিল বাংলাদেশৰ ক্ৰিকেট দল। দুৰ্বৃত্তৰ গুলীচালনাৰ সময়তে নামাজ পঢ়িবলৈ মছজিদটোলৈ গৈছিল বাংলাদেশৰ ক্ৰিকেটাৰসকল। কথমপি ঘটনাস্থলীৰ পৰা পলায়ন কৰি প্ৰাণৰক্ষা কৰে বাংলাদেশৰ ক্ৰিকেটাৰসকলে। সকলো ক্ৰিকেটাৰক সুৰক্ষিতভাৱে হোটেললৈ লৈ যোৱা হয়। শনিবাৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া আছিল নিউজিলেণ্ড আৰু বাংলাদেশৰ মাজত তৃতীয় টেষ্ট মেচ।




0/Post a Comment/Comments

Stay Conneted

Boxed Version