লখিমপুৰ জিলাৰ মাধৱদেৱ মহাবিদ্যালয়ৰ ৫৫ সংখ্যাক মহাবিদ্যালয় সপ্তাহ..

লখিমপুৰ জিলাৰ মাধৱদেৱ মহাবিদ্যালয়ৰ ৫৫ সংখ্যক মহাবিদ্যালয় সপ্তাহ.. 


 


     সকলোবোৰ মহাবিদ্যালয়ৰ দৰে লক্ষীমপুৰ জিলাৰ মাধৱদেৱ মহাবিদ্যালয়ত আজি 55তম  মহাবিদ্যালয় সপ্তাহ অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। আজিৰ পৰা অৰ্থাৎ 15 মাৰ্চ ৰ পৰা 20 মার্চলৈ অনুষ্ঠিত হবলগীয়া বাৰ্ষিক সপ্তাহৰ ছাত্ৰ একতা সভাৰ লগতে বিভাগীয় পতকা উত্তোলন কৰা হয়। পতকা উত্তোলন কৰে মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি শ্ৰীযুত মুকুল সন্দিকৈ দেৱ আৰু বিভাগীয় মুৰব্বী সকলে। 

  


    এক বৰ্ণাঢ্য শোভাযাত্ৰা প্ৰতিযোগিতা উলিওৱা হয় মহাবিদ্যালয়ৰ পৰা । এই শোভাযাত্ৰাত প্ৰতিটো বিভাগৰ ছাত্ৰ ছাত্ৰীয়ে সহযোগ কৰে। এই শোভাযাত্ৰা প্ৰতিযোগিতাত বিচাৰক ৰূপে উপস্থিত থাকে নাৰায়ণপুৰৰ তিনিজন বিশিষ্ট সাংস্কৃতিক কৰ্মীয়ে। নাৰায়ণপুৰ চহৰৰ মাজেৰে যোৱা এই শোভাযাত্ৰাৰ বিষয়ে বহু জনে শলাগ লয়। আজি এক সুন্দৰ কাৰ্যসূচীৰে আজিৰ অনুষ্ঠান আৰম্ভ হয়।
           
    

         

0/Post a Comment/Comments

Stay Conneted

Boxed Version