বন্ধ হ'ল 'অসম বন্ধ'



বন্ধ হ'ল  'অসম বন্ধ'।

বন্ধক লৈ এইবাৰ কঠোৰ গুৱাহাটী উচ্চ ন্যায়ালয়। বন্ধ দিয়া সংগঠনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে উচ্চ ন্যায়ালয়ে। বন্ধৰ নামত ৰে’লপথ, ৰাজপথ অৱৰোধৰ কাৰ্যসূচীক অসাংবিধানিক আখ্যা ন্যায়ালয়ৰ। বন্ধ সমৰ্থকৰ বিৰুদ্ধে আৰক্ষীক গোচৰ ৰুজু কৰাৰ নিৰ্দেশ প্ৰদান ন্যায়ালয়, তাৰোপৰি ২৪ ঘণ্টাৰ ভিতৰত আৰক্ষী অধীক্ষকে দিব লাগিব এজাহাৰ। এসপ্তাহত ৰাজ্যৰ গৃহ বিভাগক দিব লাগিব উক্ত প্ৰতিবেদন। ঘটনাৰ ক্ষিপ্ৰ তদন্ত কৰি তদন্তকাৰী বিষয়াই দাখিল কৰিব লাগিব চাৰ্জশ্বীট। তদন্তত গাফিলতি থাকিলে আৰক্ষী দায়বদ্ধতা আয়োগে ন্যায়ালয়ত দাখিল কৰিব লাগিব প্ৰতিবেদন। বন্ধৰ ক্ষতিপূৰণৰ পুঁজি দিব লাগিব ৰাজ্যৰ গৃহ বিভাগে। বন্ধৰ ৩ মাহৰ পিছত দিব লাগিব ক্ষতিপূৰণ পুঁজি।

0/Post a Comment/Comments

Stay Conneted

Boxed Version