বিজেপিৰ সৈতে মিত্ৰতা হ'লেও মই অগপ ত্যাগ নকৰো: মহন্ত


বিজেপিৰ সৈতে মিত্ৰতা হ'লেও মই অগপ ত্যাগ নকৰো: মহন্ত

বিজেপি আৰু অগপৰ মিত্ৰতাক লৈ চলি থকা জল্পনা-কল্পনাৰ ওৰ পেলাই ইতিমধ্যে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব আৰু অগপ নেতৃত্বই আগন্তুক লোকসভা নিৰ্বাচনকলৈ মিত্ৰতা চূড়ান্ত কৰাৰ পিছত আঞ্চলিকতাবাদী দলটোৰ ভিতৰ চ'ৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

মিত্ৰতাৰ সিদ্ধান্তৰ পিছতেই নগাঁৱত সংবাদ মাধ্যমৰ আগত মিত্ৰতা প্ৰসংগকলৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অগপৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। নগাঁৱত মহন্তই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে মিত্ৰতাৰ কথা দলৰ নেতৃত্বই মোক এতিয়াও জনোৱা নায়৷ মিত্ৰতা হ'লেও অগপ বিভাজিত নহয়।

দলে মিত্ৰতা সম্পৰ্কত সাধাৰণ সভা পাতি সিদ্ধান্ত ল’ব লাগিছিল। কিন্তু দলৰ নেতৃত্বই সেইয়া নকৰিলে। প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তই আৰু কয় যে এতিয়াও সময় আছে দলে মিত্ৰতাৰ কথা পুনৰ পৰ্যালোচনা কৰক।

আনহাতে মহন্তক বিজেপিয়ে ৰাজ্যপাল হিচাপে প্ৰক্ষেপ কৰা সন্দৰ্ভত মহন্তই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে নিৰ্বাচন আহিলেই মোক ৰাজ্যপাল কৰাৰ প্ৰসংগ ওলায়। এইয়া ৰাজনৈতিক ষড়যন্ত্ৰ। নগাঁও জিলা অগপৰ কাৰ্যালয়ত জিলা সমিতিৰ এখন জৰুৰী কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। উক্ত সভাত বিজেপিৰে মিত্ৰতা সন্দৰ্ভত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ পক্ষত থকা দলৰ সৈতে কোনো কাৰণত মিত্ৰতা মানি লোৱা নহ’ব বুলি স্পষ্ট কৰি দি প্ৰস্তাৱ গ্ৰহণ কৰে। তদুপৰি অহা এসপ্তাহৰ ভিতৰত দলৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত কৰাৰ দাবী জনাই আন এক প্ৰস্তাৱ গ্ৰহণ কৰে। এই দুয়োটা প্ৰস্তাৱৰ বিষয়ে অগপৰ নেতৃত্বক অবগত কৰিবলৈ গুৱাহাটীলৈ নগাঁও, হোজাই আৰু মৰিগাঁও জিলা প্ৰতিনিধিৰ এটা দল যোৱাৰো সিদ্ধান্ত গ্রহন কৰা হয়৷


0/Post a Comment/Comments

Stay Conneted

Boxed Version