গুৱাহাটী সমষ্টিৰ হ’বলগীয়া নিৰ্দলীয় প্ৰাৰ্থী উপমণ‍্যু হাজৰিকাৰ

 গুৱাহাটী সমষ্টিৰ হ’বলগীয়া নিৰ্দলীয় প্ৰাৰ্থী উপমণ‍্যু হাজৰিকাৰ।



অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ প্ৰতিবাদী আন্দোলন ভৰিৰে মোহাৰি বিজেপি চৰকাৰে সংসদত নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত কৰাৰ যি অহোপুৰুষাৰ্থ চেষ্টা চলাইছিল তাত বিফল হোৱাৰ পাছতো পুনৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে বীৰদপে অসমৰ মাটিতে ঘোষণা কৰিছিল যে ২০১৯ত তেওঁলোকৰ চৰকাৰ হ’লে পুনৰ নাগৰিকত্ব সংশোধনী বিধেয়ক আনি গৃহীত কৰিব।

ইয়াৰ পাছতো কেৱল ব্যক্তিগত স্বাৰ্থ আৰু সুবিধাবাদী ৰাজনীতিৰ আশ্ৰয় লৈ অগপৰ শীৰ্ষ নেতৃত্বই কেৱল ক্ষমতাৰ স্বাৰ্থতে যি পুনৰ মিত্ৰতাৰ সিদ্ধান্ত ল’লে ইয়াৰপৰা প্ৰমাণিত হ’ল যে তেওঁলোকে কেৱল ক্ষমতাৰ খকতে যিকোনো কাম কৰিব পাৰে। এই ভষ্য খিলঞ্জীয়াৰ হৈ মাত মাতি অহা তথা আগন্তুক লোকসভা নিৰ্বাচনত গুৱাহাটী সমষ্টিৰ হ’বলগীয়া নিৰ্দলীয় প্ৰাৰ্থী উপমণ‍্যু হাজৰিকাৰ।।

এক বিজ্ঞপিযোগে তেওঁ কয় যে এই সিদ্ধান্তৰদ্বাৰা অগপই তৃণমূল পৰ্যায়ৰ নেতা-কৰ্মীসকলক চৰম অপমান কৰাৰ লগতে বিদেশী খেদা আন্দোলনৰদ্বাৰা আত্মপ্ৰকাশ ঘটা দলটোৰ সকলো আদৰ্শ আৰু গৰিমা ম্লান পেলাইছে। কেৱল ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ বাবেই কেইজনমান নেতাই দলটোক ব‍্যক্তিগত সম্পত্তি হিচাপে ব‍্যৱহাৰ কৰিছে।

এতিয়া অসমৰ ৰাইজে কাক বিশ্বাস কৰিব সকলোৰে আজি মুখা খোলা খাইছে। খিলঞ্জীয়াৰ স্বাৰ্থত আজি দলবিলাকৰ চিন্তা কৰিবলৈ যেন সময় নাই। তেওঁলোকক লাগে কেৱল ভোটবেংকৰ ৰাজনীতি।

হাজৰিকাই প্ৰতিশ্ৰুতি দিয়ে যে তেওঁ এনে কাৰ্যক তীব্ৰভাৱে বিৰোধিতা কৰি যাব আৰু সদায় খিলঞ্জীয়াৰ স্বাৰ্থত এখন সুন্দৰ অসম গঢ়াৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা কৰি যাব।

ইফালে এন পি পি জলকো সমালোচনা কৰি তেওঁ কয় যে ডাঙৰ ডাঙৰ কথা কোৱা এন পি পিৰ যি দুমুখীয়া স্থিতি দেখিবলৈ পোৱা গ’ল, ই সঁচাকৈয়ে চিন্তনীয়। উত্তৰ পূবত অকলে প্ৰতিদ্বন্দিতা কৰিব বুলি চিঞৰি ফুৰা এন পি পিয়ে আজি ক্ষমতাৰ বাবেই বিজেপিৰে বুজাবুজি কৰি সকলো আসনত প্ৰতিদ্বন্দিতা নকৰাৰ সিদ্ধান্ত লৈছে। উত্তৰ পূবৰ বাবে এয়া তেওঁলোকৰ চৰম বিশ্বাসঘাত। আচলতে তেওঁলোক খিলঞ্জীয়াৰ প্ৰতি কিমান শ্ৰদ্ধাশীল সেয়া ৰাইজৰ জানিবলৈ বাকী নাথাকিল।

0/Post a Comment/Comments

Stay Conneted

Boxed Version