মনোহৰ পাৰিকৰৰ দেহাৱসান


মনোহৰ পাৰিকৰৰ দেহাৱসান

গোৱা ৰ মুখ্যমন্ত্ৰী মনোহৰ পাৰিকৰৰ দেহাৱসান। ৬৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ পাৰিকৰৰ। অগ্নাশয়ৰ ৰোগত চিকিত্সাধীন হৈ আছিল পাৰিকৰ। গোৱাৰ দশম মুখ্যমন্ত্ৰী আছিল পাৰিকৰ। দেশৰ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী আছিল পাৰিকৰ। ২০১৪ৰ পৰা ১৭লৈ প্ৰতিৰক্ষা মন্ত্ৰী আছিল পাৰিকৰ। উত্তৰ প্ৰদেশৰ ৰাজ্যসভাৰ সাংসদো আছিল মনোহৰ পাৰিকৰ। ১৯৫৫ চনৰ ১৩ ডিচেম্বৰত গোৱাৰ মাপুছাত জন্মগ্ৰহণ কৰিছিল পাৰিকৰে। IIT বম্বেৰ স্নাতক আছিল মনোহৰ পাৰিকৰ। মেটালাৰ্জিকেল ইঞ্জিনিয়াৰিঙৰ স্নাতক আছিল গোৱাৰ দশম মুখ্যমন্ত্ৰীগৰাকী।

২৬ বছৰ বয়সত RSSৰ সংঘচালকৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। ১৯৯৪ চনত প্ৰথমবাৰলৈ গোৱা বিধানসভালৈ নিৰ্বাচিত হৈছিল। ১৯৯৯ চনত বিধানসভাৰ বিৰোধী দলপতি আছিল পাৰিকৰ। মনোহৰ পাৰিকৰৰ বিয়োগত ৰাষ্ট্ৰপতিৰ গভীৰ শোক প্ৰকাশ।

0/Post a Comment/Comments

Stay Conneted

Boxed Version