লোকসভা নিৰ্বাচনকলৈ তৎপৰ হৈ পৰিছে ওদালগুৰি জিলা প্ৰশাসন
১১ মাৰ্চ- লোকসভা নিৰ্বাচনকলৈ তৎপৰ হৈ পৰিছে ওদালগুৰি জিলা প্ৰশাসন। উল্লেখ যোগ্য যে ৮ নং মংগলদৈ লোকসভা সম ষ্টিৰ অন্তৰ্গত ওদলগুৰি জিলাৰ পানেৰী ,ওদালগুৰি আৰু মাজবাট বিধানসভা সমষ্টিৰ নিৰ্বাচন পৰিচালিত হয় ওদালগুৰি জিলা উপায়ুক্তৰ দ্বৰাই। সেয়ে নিৰ্বাচনৰ দিন ঘোষনাৰ পিছদিনা অৰ্থাৎ আজি ওদালগুৰি জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া দিলিপ কুমাৰ দাসে জিলাখনৰ ৰাজনৈতিক দল আৰু সাংবাদিক সকলক লৈ এক নিৰ্বাচনী সভা আয়োজন কৰে।ওদালগুৰি জিলা উপায়ুক্তৰ সভা কক্ষত অনুস্হিত সভাখনত বিপিএফ,এজিপি,কংগ্ৰেছ আৰু যূৱ বিজেপিৰ লগতে জিলাখনৰ কেইবাগৰাকীও সাংবাদিক উপস্হিত থাকে। উপায়ুক্ত গৰাকীয়ে নিৰ্বাচন আচৰন বিধি সমুহ ৰাজনৈতিক সমুহৰ লগতে সাংবাদিক সকলক অৱগত কৰে ।ঘোষিত আচৰন বিধি ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহন কৰাৰ কথা উল্লেখ কৰি এই ক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰে উপায়ুক্ত গৰাকীয়ে ।উল্লেখযোগ্য যে ওদালগুৰি জিলা প্ৰশাসনৰ পৰিচালিত পানেৰী,ওদালগুৰি আৰু মাজবাট বিধানসভা সমষ্টিৰ মুঠ ৫৮১ টাভোট গ্ৰহন কেন্দ্ৰৰ বিপৰীতে ২৬৪ টা স্পৰ্ষকাতৰ আৰু ১০৩ টা অতি স্পৰ্শ কাতৰ কেন্দ্ৰ।তিনিওটা সমষ্টিতৰ ৪৩৪৬০৩ গৰাকী ভোটাৰে অহা দ্বিতীয় পৰ্যায়ত অহা ১৮ এপ্ৰিলত ভোটদান সাব্যস্ত কৰিব৷


Post a Comment