অসমৰ বাবে সুখবৰ অসম সন্তান উদ্ধৱ ভৰালীক আজি "পদ্মশ্ৰী বঁটা" প্ৰদান
আজি দিনটোৰ অসমবাসী বাবে আটাইতকৈ সুখবৰটো।দেশৰ বিজ্ঞান আৰু আভিযান্ত্ৰিক ক্ষেত্ৰৰ ভোটা তৰা স্বৰূপ অসম সন্তান উদ্ধৱ ভৰালীক আজি "পদ্মশ্ৰী বঁটা" প্ৰদান কৰে ৰাষ্ট্ৰপতি মহোদয়ে।ডালিমৰ বাকলি গুচোৱা,মৰনা মৰা যন্ত্ৰ,পেলনীয়া সামগ্ৰীৰ ব্যৱস্থাপনা যন্ত্ৰ আদি প্ৰায় ১৪০ বিধৰো অধিক উদ্ভাৱন কৰি বিশ্বৰ প্ৰেক্ষাপটত জিলিকি উঠিছে এই গৰাকী অসম সন্তান।ভৰালী ডাঙৰীয়ালৈ অযুত শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে তেঁওৰ সুস্বাস্থ্য কামনা কৰিলো।
আমাৰ সংবাদ দাতা #সৌৰভ সুমন


Post a Comment