অভিনয়ৰ লগতে নিজৰ মানসিকতাৰ পৰিচয় দিলে আলিয়া ভাটে।


অভিনয়ৰ লগতে নিজৰ মানসিকতাৰ পৰিচয় দিলে আলিয়া ভাটে।



কেৱল মাত্ৰ ২৬ বছৰ বয়সত ভৰি থৈছেহি আভিনেত্ৰী আলিয়া ভাট ৷ এতিয়ালৈকে বলিউডৰ প্ৰায়ভাগ জনপ্ৰিয় পৰিচালকৰ ছবিত অভিনয় কৰিবলৈ সক্ষম হৈছে আলিয়া৷বলিউডত নিজৰ অভিন শৈলীৰে নিজকে প্ৰথম শাৰীৰ অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে৷ কিছুদিন পিছত মুক্তি লাভ কৰিবলগীয়া পৰিচালক কৰণ জোহৰৰ বিগ বাজেটৰ ব্যয়বহুল ছবি ‘কলংক’ত আলিয়াই নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছে৷

এফালে অভিনয়ত যিদৰে সচেতন ঠিক একেদৰে পৰিয়ালৰ প্ৰতিও যে দায়বদ্ধ সেই কথা বুজাই দিলে কিছুদিন আগত৷ নিজৰ গাড়ী চালক আৰু সহকাৰীক ঘৰ কিনিবলৈ প্ৰদান কৰে আলিয়া ভাটে৷ চালক আৰু সহকাৰী দুইজনকে ৫০ লাখকৈ টকাৰ চেক প্ৰদান কৰে অভিনেত্ৰী গৰাকীয়ে৷ বলিউডত কেৰিয়াৰ আৰম্ভ কৰাৰ সময়ৰ পৰাই এইজন গাড়ী চালক আৰু সহকাৰী আলিয়াৰ লগত আছে৷ জনপ্ৰিয়তা লাভ কৰাৰ পিছতো তেওঁলোকক পাহৰি যোৱা নাই আলিয়াই৷

0/Post a Comment/Comments

Stay Conneted

Boxed Version