৩০ টা মেকুৰী ধৰাৰ বাবে খৰচ কৰিলে ৯৮ হাজৰ টকা

৩০ টা মেকুৰী ধৰাৰ বাবে খৰচ কৰিলে ৯৮ হাজাৰ টকা


কুকুৰ মেকুৰী পৰস্পৰ শতৰু বুলি কোৱা হয় । কুকুৰ দেখিলেই বনৰীয়া মেকুৰী পলায়। কিন্তু এইবাৰ হিতে বিপৰীত। মেকুৰীৰ উৎপাতত ঘৰৰ কুকুৰকেইটাৰ হে অৱস্থা বেয়া। শেষত মেকুৰীৰ পৰা মুক্তি পাবলৈ বিচিত্ৰ পন্থা অৱলম্বন কৰিলে বাংগালুৰু প্ৰশাসনে। 

ৰাজভৱনত হৈছে মেকুৰীৰ উৎপাত। বিৰক্ত হৈ পৰিছে ৰাজ্যপালৰ পৰিবাৰৰ সদস্যও । ঘৰত পোহা কুকুৰকেইটাৰো একেই অবস্থা।

এখন সর্বভাৰতীয় সংবাদমাধ্যমত প্রকাশিত প্রতিবেদন অনুসৰি , ঘটনাটো বাংগালুৰুৰ। খাদ্য চুৰি কৰি খোৱা আৰু নষ্ট কৰাৰ বাবে অতিষ্ঠ হৈ ৰাজভৱনৰ পৰা স্থানীয় প্ৰশাসনক সমস্যাটো সমাধানৰ বাবে কোৱা হৈছিল। কিন্তু কি হব। মেকুৰী ধৰাৰ ট্ৰেইনিং কোনো কৰ্মীৰেই নাই 

শেষত এটা বেচৰকাৰী সংস্থাক মেকুৰীৰ ধৰাৰ কাম অৰ্পণ কৰা হয়। ৩০ টা মেকুৰী ধৰাৰ বাবদ খৰছ হয় ৯৮ হাজাৰ টকা । মেকুৰীৰ বাবে ইমান টকা খৰছ হোৱা দেখি বহতে আবাক হৈ পৰিছে। 

0/Post a Comment/Comments

Stay Conneted

Boxed Version