গুগলৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ ৷ ভাৰতৰ লোকসভাৰ নিৰ্বাচনৰ আগেয়ে গুগল ইণ্ডিয়াই প্ৰশিক্ষণ দিব ভাৰতীয় সাংবাদিকক ।
চলিত বৰ্ষত দেশত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ প্ৰাক্ক্ষণত গুগলে আগবঢ়াইছে এক ব্যতিক্ৰমী পদক্ষেপ । লোকসভাৰ বাতৰি সম্প্ৰচাৰ কৰিব খোজা সাংবাদিকসকলক গুগলে আগবঢ়াব এক বিনামূলীয়া প্ৰশিক্ষণ কৰ্মশালা । যাৰ বাবে আগ্ৰহী সাংবাদিক আৰু ফ্ৰি-লান্সাৰ সকলে এই কৰ্মশালাটোত অংশ ল'বলৈ আবেদন কৰিব পাৰিব ।
গুগলে সাংবাদিকসকলক অনলাইন ভেৰিফিকেশ্বন,তথ্য পৰীক্ষণ, ডিজিটেল সুৰক্ষা আৰু নিৰ্বাচনৰ ডাটা ভিজ্যুয়েলাইজেশ্বন আদি বিষয়সমূহৰ ওপৰত প্ৰশিক্ষণ দিয়াৰ ঘোষণা কৰিছে । কোম্পানীটোৱে লগতে জনাইছে যে গুগলে তৃতীয় পক্ষৰ লগত অংশীদাৰিত্বৰ মাধ্যমত ২৬ ফেব্ৰুৱাৰীৰ পৰা ৬ এপ্ৰিললৈ দেশখনৰ মুঠ ৩০ খন চহৰত প্ৰশিক্ষণটো অনুষ্ঠিত কৰিব ।
উল্লেখ্য যে ২৬ ফেব্ৰুৱাৰীত গুগলৰ এই প্ৰশিক্ষণ শিবিৰটো দিল্লীৰ এন চি আৰ অঞ্চলত আয়োজন কৰিছে।


Post a Comment