গৃহভূমিত 41 ৰাণৰ ব্যৱধানত প্ৰথমখন মহিলা টি-20ত ইংলেণ্ডৰ হাতত পৰাজয় বৰণ ভাৰত...1st T20I: India Women Lose To England By 41 Runs

গৃহভূমিত 41 ৰাণৰ ব্যৱধানত প্ৰথমখন মহিলা টি-20ত ইংলেণ্ডৰ হাতত পৰাজয় বৰণ ভাৰত

যোৱাকালি গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ভাৰত বনাম ইংলেণ্ডৰ  মহিলা T-20 ক্ৰিকেট খেল অনুষ্ঠিত হয়।  ভাৰতে 3খনিয়া  শৃংখলাৰ প্ৰথমখনতে নিজৰ গৃহভূমিত পৰাজয় বৰণ কৰিব লগা হয়।

          প্ৰথমে ভাৰতে টছত জিকি ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। ইংলেণ্ডএ প্ৰথমে বেটিং কৰি 20 অভাৰত 4 উইকেট হেৰুৱাই 160 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। প্ৰত্যুত্তৰ হিচাপে ভাৰতে 6 উইকেট হেৰুৱাই মাত্ৰ 119 ৰান হে কৰিবলৈ সক্ষম হয়। ফলত ভাৰতে ইংলেণ্ডৰ হাতত 41 ৰাণৰ ব্যৱধানত পৰাজয় বৰণ কৰে। যাৰ ফলত 1-0 ব্যৱধানত ইংলেণ্ড মহিলা দলে অগ্ৰগতি লাভ কৰে।

         ইংলেণ্ডৰ  হৈ সৰ্বাধিক টুমময় বেডমিণ্ট (Tammy Beaumont)য়ে 57টা বলত 62 ৰান সংগ্ৰহ কৰে। অন্যহাতে ভাৰতৰ হৈ শিখা পাণ্ডে ( Shikha Pandey)ই 21 বলত 23 ৰান আৰু দীপ্তি শৰ্মা( Deepti sharma) ই 23টা বলত 22 ৰান কৰিবলৈ সক্ষম হয়।
     

        ভাৰতৰ হৈ ৰাধা যাদৱে 2টা, দীপ্তি শৰ্মাই 1টা, শিখা পাণ্ডে 1টা উইকেট লাভ কৰে । ইংলেণ্ডৰ হৈ লিন্সী স্মিথ(Linsey Smith)  আৰু কথাৰেইন ব্ৰুন্ত( Katherine Brunt) 2টাকৈ আৰু কাটে ক্ৰছ( kate Cross) আৰু অন্যা শ্ৰুবছলে( Anya Shrubsole) 1টাকৈ উইকেট লাভ কৰে।

       আহিবলগীয়া খেল কেইখন ক্ৰমে 7 মাৰ্চ আৰু 9মাৰ্চত অনুষ্ঠিত হব।
         
তলত থকা facebook আৰু whatsapp বুটামত ক্লিক কৰি facebook timeline ত আৰু whatsapp status ত share কৰকচোন । কমেন্ট বক্সত আপোনাৰ মতামত লিখক ।
https://www.facebook.com/groups/ganamatassam/

1/Post a Comment/Comments

Post a Comment

Stay Conneted

Boxed Version