তেজপুৰৰ এজন সাংবাদিকক নিজৰ বাস গৃহত হত্যাৰ ভাবুকি
গণমত অসম: আপুনি বাৰু নিজৰ ঘৰত থাকি কিমান সুৰক্ষিত। ঘৰত থকা পিছতো তেজপুৰৰ এজন সাংবাদিকৰ নিজৰ বাসগৃহৰ সন্মুখতে হত্যাৰ ভাবুকি। এটা নিউজ চেনেলৰ সাংবাদিক ৰূপজ্যোতি গোস্বামীক শনিবাৰে নিশা ১০.৩০ মান বজাত লোচন বৰা নামৰ এজন লোকৰ নেতৃত্বত অহা এটা দলে মুকলিভাৱে হত্যাৰ ভাবুকি দিয়া বুলি অভিযোগ উত্থাপন হৈছে।
সাংবাদিকগৰাকীয়ে জনোৱা মতে, বহু কেইজন লোকৰ সন্মুখতে দলটোৱে তেওঁক প্ৰাণ মৰাৰ ভাবুকি দিয়ে। এই ঘটনাৰ পাছতেই সাংবাদিক গৰাকীয়ে কছাৰী গাঁও আৰক্ষী চকীত মাফিয়া দলটোৰ বিৰুদ্ধে নিশাই এজাহাৰ দখিল কৰে। ইফালে আৰক্ষী চকীৰ ভিতৰতো খোদ আৰক্ষীৰ আগতেই পুনৰ সাংবাদিকজনক হত্যাৰ ভাবুকি দিয়াত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ৰাইজে দলটোৰ বিৰুদ্ধে অতিশীঘ্ৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনাইছে ।

Post a Comment