ফাগুন মাহৰ কিছু বিশেষ
ফাগুন আহিছে আজি
মান প্ৰাণ জাগিছে
খেলে ফাগু পুৰ নাৰী
খেলে হোলী পুৰবাসী।
মতলীয়া ফাগুনৰ মন উতলোৱা বতৰতে প্ৰথমেই আপোনালৈ ফাকুৱাৰ শুভেচ্ছা জ্ঞাপন কৰিছো ৷ আপোনাৰ জীৱনো ফাকুৰ ৰঙৰ সৈতে সুখ-আনন্দৰ অনুভৱেৰে ৰঙীণ হৈ উঠক তাৰেই কামনা কৰিছো।
আকৌ আহি পালে দেহত আবিৰ সানি আত্মীয়-কুটুম্ব, ওচৰ-চুবুৰীয়া, বন্ধু-বান্ধৱৰ সৈতে আনন্দত উটি-ভাহি যোৱা ৰঙৰ উৎসৱ ''ফাঁকুৱা'' । নানা ৰঙৰ সমাহাৰৰে মানুহৰ দেহ-মন ৰঙাই তোলা এই ফল্গুৎসৱৰ বাবে ।যান্ত্ৰিকতা আৰু ব্যস্ততাক একাষৰীয়া কৰি অধিকাংশ লোকেই প্ৰতিবছৰে ফাগুন মাহৰ এই ৰঙৰ উৎসৱত বিলীন হৈ পৰে ।
দৌল বা হোলী উৎসৱ হৈছে ঋতুকালীন ৰং আৰু আনন্দৰ উৎসৱ। এই দৌল উৎসৱক ভাৰতবৰ্ষৰ ভিন্ন জাতি-সম্প্ৰদায়ৰ হিন্দু ধৰ্মাৱলম্বী লোকে বিভিন্ন নামেৰে পালন কৰা দেখা যায়। এই উৎসৱক হোলী, ফাকুৱা, ফলগু উৎসৱ, বসন্তোৎসৱ, মদনোৎসৱ, হোলিকা দাহন আৰু দেউল উৎসৱ আদি নামেৰে বিভিন্ন ৰাজ্যত পালন কৰা হয়। ওড়িশা, বিহাৰ, পশ্চিমবংগ আদিতো বিভিন্ন নামেৰে আনন্দৰ উৎসৱ ফাকুৱা পালন কৰে।
ফাকুৱা উৎসৱ অনুষ্ঠিত হয় ফাগুন মাহৰ পূৰ্ণিমাৰ দিনা। এই দিনটো অকল বতৰৰ বাবেই নহয় প্ৰাকৃতিক সৌন্দৰ্য্যৰ দিশৰ পৰাও অতি তাৎপৰ্যপূৰ্ণ। এই বতৰতে প্ৰকৃতিয়ে ৰূপ সলাবলৈ আৰম্ভ কৰে।
হোলীক লৈ অতীতৰ বহুতো কাহিনীৰ নিদৰ্শন দেখিবলৈ পোৱা যায়। তাৰ ভিতৰত অসুৰৰাজ হিৰণ্যকশিপু আৰু তেওঁৰ হৰিভক্ত সন্তান প্ৰহ্লাদৰ কাহিনীটো উজলি উঠে ৷ পুত্ৰৰ হৰিভক্তিত অতীষ্ঠ হৈ “বৰ লাভ কৰি” অহংকাৰেৰে বলীয়ান হোৱা হিৰণ্যকশিপুৱে নিজৰ পুত্ৰকে বিভিন্ন প্ৰকাৰে হত্যা কৰাৰ চেষ্টা কৰে। পিছে কোনোটোতেই সফল হব নোৱাৰি অৱশেষত ভনীয়েক অসুৰ কণ্যা হোলিকাৰ কোলাত তুলি দি প্ৰহ্লাদক জ্বলাই মাৰিবলৈ দিয়ে৷ পিছে সেই জুইয়ে অধৰ্মৰ প্ৰতিমূৰ্তি ৰূপী হোলিকাহে দহন কৰে, আৰু জ্বলাই মাৰে ৷ জুইৰ মাজতো প্ৰহ্লাদে
আনন্দ-উল্লাসৰ মাজেৰে বিভিন্নজনে ফাঁকুৱা উদ্যাপন কৰাৰ লগতে চহৰৰ কেতবোৰ স্থানত হোলী গীত গাই একাংশ লোকে পৰম্পৰা ৰক্ষা কৰে তথা ৰাজপথত হাতে-হাতে ৰঙীন ফাঁকু লৈ যুৱক-যুৱতীসকল ফাঁকুৱাৰ ৰঙত মতলীয়া হৈ পৰে । কিন্তু এই ফাগুন কি?
কোনোৱে কয়, ফাগুন হেনো লঠঙা। গছৰ সৰপাত গচকি আহে ফাগুন। কিন্তু এই ফাগুন সঁচাই লঠঙা জানো? ৰঙৰ আবিৰ গাত সানিয়েইতো ফাগুন আহে। কঢ়িয়াই আনে এমোকোৰা আনন্দ। ধৰাৰ বুকুত ৰাই জাই লগাই মন। সকলো ফালে হয় মাথো আশাৰ সঞ্চাৰ।
বিশেষকৈ পশ্চিম বংগ আৰু অসমৰ বৈষ্ণৱ ধৰ্মাৱলম্বীসকলে দৌল পূৰ্ণিমাৰ দিনা মহা ধুমধামেৰে দৌলোৎৱস বা ফল্গুৎসৱ পালন কৰে।বিষ্ণু বা ভগৱান শ্ৰী কৃষ্ণৰ মূৰ্তি প্ৰতিষ্ঠা কৰাৰ পিছতে জ্যেষ্ঠ জনক সন্মান জনাই ফাকুৰ ৰং সনা হয়। ফাগুনৰ এই ৰঙীন উৎসৱটোৰ এটা ধৰ্মনিৰপেক্ষ দিশো প্ৰত্যক্ষ কৰা হয়। এই দিনটোত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে পুৰুষ, মহিলা সকলোৱে একেলগে মিলি হাঁহি ধেমালিৰে ইজনে সিজনক ৰঙৰ আবিৰ সানে।
অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই দৌলোৎসৱ বা দৌল যাত্ৰাৰ আৰম্ভ কৰিছিল। অসমত নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ কালছোৱাত মহাপুৰুষজনাই এই উৎসৱৰ জৰিয়তে সমাজৰ সকলো স্তৰৰ লোককে একত্ৰিত কৰাৰ চেষ্টা কৰিছিল। মহাপুৰুষজনাই আৰম্ভ কৰা এই দৌলযাত্ৰা আজিও অসমৰ সত্ৰ সমূহত মহা ধুমধামেৰে আয়োজন হৈ আহিছে।
হোলী বা ফাকুৱাক ফল্গুৎসৱ বুলিও জনা যায়। ফাগুন মাহৰ পূৰ্ণিমা তিথিত এই উৎসৱৰ আয়োজন কৰা হয় বাবেই এই নাম। ফাকুৱাক দৌলোৎসৱ, ফাগুৱা, ফাঁকু, মদনোৎসৱ আদি নামেৰেও জনা যায়। সমগ্ৰ ভাৰতবৰ্ষতে হিন্দুসকলৰ প্ৰাচীনতম উৎসৱসমূহৰ ভিতৰত ফল্গুৎসৱ ফাগুন বা চ’ত মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়৷ এই উৎসৱ প্ৰাচীন মদন পূজাৰ এক আনুষংগিক উৎসৱ৷ হিন্দুসকলৰ আৰাধ্য দেৱতা শ্ৰীকৃষ্ণ বা বিষ্ণুৰ উদ্দেশ্য কৰি পালন কৰা হয় এই উৎসৱ৷




Post a Comment