আজি দেশজুৰি উদযাপিত হল শিৱ পূজাঃ- এক বিশেষ প্ৰতিবেদন
x
শিৱ অতি দয়ালু আৰু সহজ-সৰল। তেওঁ কেতিয়াবা অপাত্ৰজনৰ হাততো শক্তি প্ৰদান কৰে। এনে বিশ্বাস আছে যে, শিৱক পূজা কৰিলে অতি সহজতে বৰ লাভ কৰা সম্ভৱ। হিন্দু ধৰ্মাৱলম্বী গৰিষ্ঠসংখ্যক লোকে সেয়ে শিৱক প্ৰধান দেৱতা ৰূপে সেৱা কৰে। শিৱৰ শান্ত-সম্য ৰূপত দয়ালু, মহৎ, কোমল আৰু শুভ্ৰ চিন্তা প্ৰবাহমান। শিৱৰ বাহন এটা ষাঁড় গৰু। নাম নন্দী। শিৱৰ অধিস্থান আছিল হিমালয়ৰ কৈলাস পৰ্বত।![]() |
ফটো: শিৱ দৌল শিৱসাগৰ
|
![]() |
| ফটো:সিদ্ধেশ্বৰ দেৱালয় শুৱালকুছি |
![]() |
| ফটো: মহাভৈৰৱ মন্দিৰ তেজপুৰ |
শিৱ শব্দটো আহিছিল সংস্কৃতৰ পৰা। ব্যক্তিৰ নাম হিচাবে ইয়াৰ অৰ্থ মংগলময়। কিন্তু কেতিয়াবা সংহাৰ ৰূপত ৰুদ্ৰমূৰ্তি ধৰি এই শিৱই ধ্বংসৰ প্ৰতীক ৰূপেও নিজকে প্ৰতিষ্ঠা কৰিছে জনমানসত। কেতিয়াৰ পৰা মানুহে শিৱক পূজা কৰিবলৈ ল’লে তাৰ কোনো নিৰ্দিষ্ট সময় নাই। কিন্তু শিৱৰ আধুনিক ৰূপ এক মূৰ্তিৰ মাজত কেন্দ্ৰিভূত হৈ শিৱৰ চৰিত্ৰ-বৈশিষ্ট্য সমূহ মানুহৰ মাজত লাহে লাহে প্ৰবহণ হোৱাৰ প্ৰধান কাৰণ আছিল তেওঁৰ প্ৰতি থকা বিশ্বাস।
বিষ্ণুৰ দৰে শিৱও এজন উচ্চ শ্ৰেণীৰ দেৱতা। ইয়াত দাৰ্শনীক বা আধ্যাত্মিক মতবাদক স্পষ্টৰূপে এক ধাৰণাৰ মাজত বন্দী কৰিব নোৱাৰি। ই বিশ্বাস আৰু জনবিশ্বাসৰ সন্মিলিত ধাৰণাৰ ফল। মহাৰাষ্ট্ৰত খাণ্ডোবা নামৰ এজন স্থানীয় দেৱতা আছিল। এই দেৱতাৰ ৰূপকল্প ঠিক শিৱৰ দৰে। তেওঁকো পূজা কৰা হয় লিংগৰ আকাৰত।
শিৱক ভক্তসকলে আৰাধান কৰা নাম
শিৱক ভক্তসকলে আৰাধান কৰা ১০০ তকৈও অধিক নাম আছে তাৰ ভিতৰত কিছু নাম এনেধৰণৰ-
অতিদেৱ, অদ্ৰিনাথ, অদ্ৰীশ, অনংগাৰি, অম্বিকানাথ,আশুতোষ, ইন্দু মৌলী, ইন্দুভূষণ, ইন্দুশেষৰ, ঈশান, উমানাথ, উমানন্দ, উমাপতি, উমেশ, উৰগভূষণ, একনাথ, কাশীনাথ, কাশীপতি, কাশীশ, কাশীশ্বৰ, কেদাৰনাথ, কৈলাসনাথ, কৈলাসপতি, কৃতজ্বৰ, কৃত্তিৱাস, কন্দুকেশ্বৰ, খণ্ডপৰশু, গংগাধৰ, গিৰিজাকান্ত....
অতিদেৱ, অদ্ৰিনাথ, অদ্ৰীশ, অনংগাৰি, অম্বিকানাথ,আশুতোষ, ইন্দু মৌলী, ইন্দুভূষণ, ইন্দুশেষৰ, ঈশান, উমানাথ, উমানন্দ, উমাপতি, উমেশ, উৰগভূষণ, একনাথ, কাশীনাথ, কাশীপতি, কাশীশ, কাশীশ্বৰ, কেদাৰনাথ, কৈলাসনাথ, কৈলাসপতি, কৃতজ্বৰ, কৃত্তিৱাস, কন্দুকেশ্বৰ, খণ্ডপৰশু, গংগাধৰ, গিৰিজাকান্ত....
শিৱৰ এটা বৈশিষ্ট্য হ’ল- তেওঁৰ তৃতীয় নয়ন। কঠিত আছে, এই তৃতীয় নয়নেৰে তেওঁ কামদেৱক পুৰি ভস্ম কৰিছিল। শিৱৰ মস্তিস্ক এটা অন্তচন্দ্ৰ বিৰাজ কৰে। যাৰ কাৰণে শিৱৰ অন্য এটা নাম চন্দ্ৰশেখৰ। শিৱই সৰ্বাংগত ভস্ম সানে। শিৱৰ আন এক নাম সেয়েহে বিভূতিভূষণ।
দেৱতা হিচাপে শিৱলৈ সদায় আকৰ্ষণ আছে। শিৱই প্ৰতিনিধিত্ব কৰে অনাৰ্য পৰম্পৰা। আপোনপাহৰা হৈ পৰা শিৱ সদায় মৰমীয়াল। কিন্তু যেতিয়া খং উঠে তেওঁ নিয়ম নমনা হৈ পৰে। তেওঁৰ বুকুত আছে সাহস আৰু উৎসাহ। শিৱই এই কথা বুজাই দিয়ে- কৰ্মত মন থাকিলে, বুকুত সাহস আৰু উৎসাহ থাকিলে যিকোনো অপশক্তিকে নাশ কৰিব পাৰি।
পৰিস্থিতি সৃষ্টি হ’লেই শিৱই জানে কি কৰিব লাগে। কি ৰূপ ধৰি সেইবোৰ আঁতৰাব পাৰি সেয়াও শিৱই ভালদৰে বুজি পায়। মহাশিৱৰাত্ৰীৰ দিনা শিৱক উপাসনা কৰা হয়। ফাগুন মাহৰ কৃষ্ণপক্ষৰ ত্ৰয়োদশী আৰু চতুৰ্দশী তিথিত উদযাপন কৰা হয় শিৱৰাত্ৰী। বিশ্বাস অনুসৰি এই দিনটোতেই সৃষ্টিৰ আৰম্ভ হয়, মধ্যৰাত্ৰি আদিদেৱ ব্ৰহ্মাৰ পৰা শিৱৰ ৰুদ্ৰ ৰূপ প্ৰকট হৈছিল।
এনে বিশ্বাসো আছে, এই দিনটোতে হেনো ভগৱান শিৱ আৰু পাবৰ্তীৰ বিবাহ হৈছিল। সেয়েহে ভক্তসকলে এই দিনটো উপবাসে থাকি শিৱক পূজা কৰে। হিন্দু ধৰ্মত শিৱৰ বাবেই এটা ধাৰাৰ সৃষ্টি হৈছিল। সেয়া আছিল- শৈৱ ধাৰা। প্ৰচলিত ৰীতি-নীতিৰ বিপৰীতে গতি কৰি শিৱৰ আৰাধনা কৰা হয়। অসমৰ দুটা সম্প্ৰদায়ে শিৱক তেওঁলোকৰ পূৰ্বপুৰুষ বুলি গণ্য কৰে। সেয়া হ’ল কোচ আৰু নাথযোগীসকল।
মহাশিৱৰাত্ৰীৰ দিনা শিৱ লিংগত পূজা কৰা হয়। গাখীৰেৰে ধোৱাই শিৱলিংগ। সেই পৰম্পৰাৰে বিশ্বজুৰি শিৱৰ আৰাধনা চলিছে। ধ্বংসৰ মাজেদি শিৱই ৰূপান্তৰ ৰূপ দি গৈছে। ভগৱানৰ সৈতে সংপৃক্ত এই জীৱন। ভাৰতীয় সভ্যতাই হাজাৰ হাজাৰ বছৰ আগৰ পৰাই সৃষ্টিৰ বাবে ব্ৰহ্মাক, পালনৰ বাবে বিষ্ণুক আৰু ধ্বংসৰ বাবে শিৱক মানি আহিছে।




Post a Comment