অৰুণাচল প্ৰদেশত নিৰ্বাচনৰ পূৰ্বে জয়লাভ কৰে বিজেপি প্ৰাৰ্থী


অৰুণাচল প্ৰদেশত নিৰ্বাচনৰ পূৰ্বে জয়লাভ কৰে বিজেপি প্ৰাৰ্থী




ডিজিটেল সংবাদ গণমত অসম ২৬ মাৰ্চ ২০১৯:
অৰুণাচল প্ৰদেশত বিধানসভা নিৰ্বাচনৰ পূৰ্বেই জয়লাভ কৰিলে দুই বিজেপি প্ৰাৰ্থীয়ে। ৩১নং পূব আলো সমষ্টিৰ পৰা জয়লাভ কৰিলে বিজেপি প্ৰাৰ্থী কেণ্ট’ জিনিয়ে। আনহাতে, ১৬নং য়াচুলি বিধানসভা সমষ্টিৰ পৰা জয়লাভ কৰিলে তাবা টেডিৰে। ৩১নং পূব আলো সমষ্টিত আন দলৰ প্ৰাৰ্থী আছিল যদিও মনোনয়ন পত্ৰত বিসংগতিৰ বাবে বাতিল হয় মনোনয়ন পত্ৰ। কেৱল জিনিৰ মনোনয়নহে বৈধৰূপে বিবেচিত হয়। ফলত ভোটগ্ৰহণৰ পূৰ্বেই বিনাপ্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয় বিজেপিৰ প্ৰাৰ্থীগৰাকী। পৰ্যটন মন্ত্ৰী জাৰকাৰ গামলিনৰ স্থানত জিনিক টিকট দিছিল বিজেপিয়ে। আনহাতে, য়াচুলি সমষ্টিতো বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰে বিজেপি প্ৰাৰ্থী তাবা টেডিৰে। ভোটগ্ৰহণৰ পূৰ্বে দুগৰাকী প্ৰাৰ্থী নিৰ্বাচিত হোৱাত উছাহৰ ধল বৈছে বিজেপিত। কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ লগতে কেইবাগৰাকীও বিজেপি নেতাই ছচিয়েল মিডিয়াযোগে আনন্দ প্ৰকাশ কৰিছে। আন দলৰ প্ৰাৰ্থীৰ ভুলৰ বাবেই অৰুণাচল প্ৰদেশৰ দুটাকৈ বিধানসভা সমষ্টিত ভাগ্য উদয় হ’ল বিজেপিৰ।

0/Post a Comment/Comments

Stay Conneted

Boxed Version