এতিয়াৰ পৰা দুবাৰ বিবাহপাশত আবদ্ধ নহলে হব জেল
গনমত অসম নিউজ ডেস্ক :আফ্ৰিকাৰ সৰু দেশ এৰিত্রিয়াৰ পুৰুষসকলে ন্যূনতম দুবাৰ বিবাহপাশত আবদ্ধ হবলগীয়া হব বুলি সেই দেশৰ আইনে স্পষ্ট কৰি দিছে ।
যদি দেশখনৰ কোনো পুৰুষ বা নাৰী এই সিদ্ধান্তত আপত্তি কৰে , তেনেস্থলত শাস্তি হিচাপে যাবজ্জীবন কাৰাদণ্ড হব পাৰে । এই ক্ষেত্ৰত প্রথম পক্ষ আৰু দ্বিতীয় পক্ষ, দুয়োটাই মান্তি হোৱাটো বাধ্যতামূলক। এনে আজব আইনত চিলমোহৰ মাৰি দিলে এৰিত্রিয়াৰ চৰকাৰে | আৰবিক দেশবোৰৰ মাজত এৰিত্রিয়াতেই মাত্ৰ এই আজব ধৰণৰ আইন জাৰি কৰা হৈছে ।ৰীতিমতে ধর্মীয় আইনৰ মাধ্যমত এই নির্দেশক মান্যতা প্ৰদান কৰিলে গ্র্যান্ড মুফতিয়ে ।চৰকাৰী সূত্ৰৰ পৰা জনোৱা মতে , দেশখনত পুৰুষৰ অভাবে দেখা দিছে ।দীর্ঘদিন ধৰি ইথিওপিয়াৰ সৈতে যুদ্ধৰ বাবে এৰিত্ৰিয়াই বহুতো পুৰুষ হেৰুৱাই পেলাইছে । ক্রমশ পুৰুষশূন্য হৈ পৰিছে এই দেশখন। সেয়েহে দেশৰ স্বার্থেৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এই আইন বলবৎ কৰিলে।


Post a Comment