বীৰ শ্বহীদ লৈ শ্ৰদ্ধা নিবেদন ভাৰতীয় ক্ৰিকেট দলৰ
14 ফেব্ৰুৱাৰীৰ পোলোৱামা কাণ্ডত বহু কেইজন বীৰ চিআৰপিঅফ জোৱানে মৃত্যুক আঁকোৱালি লব লগা হৈছিল। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত ভাৰতে বায়ু আক্ৰমণ কৰিলে, পাকিস্তানৰ বিমান ভাৰতত প্ৰৱেশ কৰাৰ আগতেই ভাৰতীয় বায়ুসেনাই খেদি যায়, বীৰ সন্তান অভিনন্দন বৰ্ধমানক পাকিস্তানৰ সেনাই জিম্মাত লৈ যদিও ঘূৰাই পঠাই। এনে ধৰণৰ বহুতো ঘটনাই সংঘটিত হয়। আজি পৰ্যন্ত এই জুই নুমোৱাই নাই। এই ঘটনাৰ পিছতেই দেশৰ প্ৰতিটো কোণত নিয়োজিত হৈ থকা প্ৰতিজন জোৱান, মৃত্যুক আঁকোৱালি লোৱা প্ৰতিজন জোৱান আৰু তেওঁলোকৰ প্ৰতিজন পৰিয়ালৰ সদস্যলৈ দেশৰ প্ৰতিজন নাগৰিকে সন্মান প্ৰদৰ্শন কৰিছিল। তদুপৰি মৃত্যুক আঁকোৱালি লোৱা জোৱান সকলৰ পৰিয়ালৰ সদস্যলৈ বহুতো লোকে সহায়ৰ হাত আগবঢ়াই।। তেওঁলোকক যি দৰে পাৰে সকলোৱে সহায়ৰ হাত আগবঢ়াই।
8 মাৰ্চ অৰ্থাৎ আজি অনুষ্ঠিত হোৱা ভাৰত বনাম অষ্টালিয়াৰ তৃতীয়খন এদিনীয়া ক্ৰিকেট শৃংখলাৰ খেলখনত পোলোৱামা কাণ্ডত মৃত্যুক আঁকোৱালি লোৱা বীৰ জোৱান সকলৰ প্ৰতি শ্ৰদ্ধা জনাই এটা সুন্দৰ প্রদক্ষেপ লোৱা দেখা যায়। আজিৰ খেলখনত খেলুৱৈসকলে প্ৰতিখন খেলত পৰিধান কৰা নীলা বৰণৰ টুপী পিন্ধাৰ পৰিবৰ্তে ছদ্মবেশ(camouflage) ৰংৰ টুপী পৰিধান কৰা হে দেখা যায়। এই ৰংৰ টুপী সাধাৰণতে জোৱান সকলক পৰিধান কৰা হে দেখা যায়।
বিৰাট কোহলীয়ে খেল আৰম্ভ হোৱাৰ পূৰ্বে সকলো বিৱৰণ দাঙি ধৰে। তেওঁ কয় যে দলে ভাৰতীয় প্ৰতিজন জোৱানক সন্মান আৰু শ্ৰদ্ধা কৰে আৰু পোলোৱামাত মৃত্যুক আঁকোৱালি লোৱা জোৱান সকলৰ সন্মান আৰু শ্ৰদ্ধা যাঁচি এই প্রদক্ষেপ হাতত লয়। লগতে তেওঁ জানিবলৈ দিয়ে যে এই খেলত পোৱা ধন প্ৰতিজন খেলুৱৈয়ে জোৱান সকলৰ সহায়ৰ বাবে গঢ় লোৱা ন্যাস পুঁজিলৈ দান কৰে।
খেল আৰম্ভ হোৱাৰ পূৰ্বে মহেন্দ্ৰ সিং ধনীয়ে খেলুৱৈ সকলক টুপী সমূহ প্ৰদান কৰে। ধনীয়ে এই টুপী সমূহ প্ৰদান কৰাৰ মূল কাৰণ হল তেখেত ভাৰতীয় টেৰীতৰিয়াল সেনাৰ লেফ্টইনান্ত কৰ্ণেল আৰু ধনীক এই সন্মান প্ৰদান কৰে 2011 চনত । সেইবাবে তেখেতেক এই দায়িত্ব দিয়া হৈছিল। সকলো খেলুৱৈক টুপী সমূহ প্ৰদান কৰাৰ পিছত ধনীক ভাৰতীয় টীমৰ কেপ্তেইন বিৰাট কোহলিয়ে এই টুপী প্ৰদান কৰে।
ইয়াত ক্লিক কৰি আপুনিও NEWS পোষ্ট কৰক





Post a Comment