৪০ বছৰৰ ভিতৰত মোদী চৰকাৰে সৰ্বাধিক নিবনুৱা সৃষ্টি কৰাৰ অভিলেখ গঢ়িছে: অখিল

৪০ বছৰৰ ভিতৰত মোদী চৰকাৰে সৰ্বাধিক নিবনুৱা সৃষ্টি কৰাৰ অভিলেখ গঢ়িছে: অখিল

৪০ বছৰৰ ভিতৰত মোদী চৰকাৰে সৰ্বাধিক নিবনুৱা সৃষ্টি কৰাৰ অভিলেখ গঢ়িছে। সংবাদমেলত মন্তব্য কৃষক নেতা অখিল গগৈৰ। যুৱক-যুৱতীলৈ ভাল দিন নাহিল, নিৱনুৱা সমস্যা বৃদ্ধিহে পালে। বিজেপিৰ প্ৰতিশ্ৰুতি অসাৰ প্ৰতিপন্ন হ’ল। বছৰি ২ কোটিকৈ নিৱনুৱাক সংস্থাপনৰ প্ৰতিশ্ৰুতি দিছিল বিজেপিয়ে। বিমুদ্ৰাকৰণত হেৰাল ১ কোটি ২৭ লাখৰ কৰ্মসংস্থাপন। NSSOৰ সমীক্ষাই উদঙালে মোদীৰ মিছা প্ৰতিশ্ৰুতি। গান্ধীবস্তিস্থিত কাৰ্যালয়ত আয়োজিত সংবাদমেলত এই মন্তব্য অখিল গগৈৰ।
 ১০ কোটি নিবনুৱাক সংস্থাপনৰ প্ৰতিশ্ৰুতিৰে ২০১৪ৰ নিৰ্বাচনত জয়ী হৈছিল মোদী। আজি ৬.১ শতাংশলৈ বৃদ্ধি পালে নিবনুৱা সমস্যা। NSSO-এ ৫ বছৰৰ মূৰে মূৰে নিয়োগ-কৰ্মহীনতাৰ সমীক্ষা প্ৰকাশ কৰে। এই তথ্য প্ৰকাশ কৰাত বাধা দিছিল মোদী চৰকাৰে। সংবাদমেলত এই অভিযোগ কৃষক নেতা অখিল গগৈৰ। দেশৰ আধাতকৈ কম মানুহে অৰ্থনৈতিক কাম–কাজ কৰে। লেবাৰ ব্যুৰৰ তথ্য অনুসৰি দেশত ১৩.৮ শতাংশ গ্ৰেজুৱেট, ১২.৬ শতাংশ প’ষ্ট–গ্ৰেজুৱেট নিৱনুৱা আছে। বিমুদ্ৰাকৰণৰ ফলত ৭৫,০০০ পদ বিলুপ্তি ঘটিল। ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠানত চাকৰি হ্ৰাস পাইছে বুলিও মন্তব্য অখিল গগৈৰ।

0/Post a Comment/Comments

Stay Conneted

Boxed Version