আজি লখিমপুৰ জিলাৰ নাৰায়ণপুৰত পৰাগ কুমাৰ দাস স্মৃতি সুৰক্ষা মঞ্চৰ উদ্যোগত আৰু নাৰায়ণপুৰ প্ৰেছ ক্লাৱৰ সহযোগিতাত নাৰায়ণপুৰ বাণী সংঘত পৰাগ কুমাৰ দাস দেৱৰ জন্মদিন উদযাপন কৰা হয় । পৰাগ কুমাৰ দাস এজন নিৰ্ভীক সাংবাদিক আৰু জাতীয়বাদী আছিল । তেখেতে অসম আৰু অসমীয়া জাতিৰ স্বাৰ্থত আপোচবিহীন ভাবে নিজৰ লেখাৰে মাত মাতি আহিছিল । সেইবাবে তেখেতক 1996 চনৰ 17 মেত গুৱাহাটীৰ মাজমজিয়াত আততায়িয়ে হত্যা কৰে ।
উক্ত সভাখনত বহু কেইজন সন্মানীয় অতিথি উপস্থিত থাকে । তেওঁলোকৰ ভিতৰত উপস্থিত থাকে পৰাগ কুমাৰ দাসৰ সংগলাভ কৰা নলবাৰীৰ মানৱ অধিকাৰ কৰ্মী শ্ৰী যুত জ্ঞানেন চক্ৰৱৰ্তীদেৱ , লখিমপুৰৰ মানৱ অধিকাৰ কৰ্মী শ্ৰী যুত প্ৰশান্ত শইকীয়া দেৱ , পৰাগ কুমাৰ দাসৰ সম্পৰ্কীয় ভাগিন শ্ৰীযুত জিন্টু বৰা , মিছিং সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শ্ৰীযুত তুলেশ্বৰ পেগু দেৱ আৰু বহু কেইজন বিশিষ্টব্যক্তি উপস্থিত থাকে ।
তলত থকা facebook আৰু whatsapp বুটামত ক্লিক কৰি facebook timeline ত আৰু whatsapp status ত share কৰকচোন । কমেন্ট বক্সত আপোনাৰ মতামত লিখক ।




সুন্দৰকৈ মিটিংখন উদযাপন হল।
ReplyDeletePost a Comment